Popular Posts

Sunday, 30 April 2023

ফিছ বল (ৰোমান্টিক ডিনাৰ)

 উপকৰণ : 
1. চাৰি ডোখৰ মাঠ
2. তিনিটা আলূ
3. পিঁয়াজ দূটা
4. আদা
5. নহৰু 
6. মিট মচলা
7. নিমখ
8. ব্ৰেড তিনিখন
9. কৰ্ণফ্লাৱাৰ 
10. টোষ্ট বিস্কুট
11. ৰিফাইন তেল
12. চালাডৰ সামগ্ৰী 
13. জলকীয়া দুটা

প্ৰণালী :   মাছ আৰু আলু সিজাই লওক। কাঁইট থাকিলে উলিয়াই ল'ব। এতিয়া পিয়াঁজ সৰু সৰুকৈ কাটি আলু আৰু মাছৰ লগতে সিজিবলৈ দি দিয়ক। তাৰ পাচত বাকী সকনো উপকৰণৰ স'তে মাছ আৰু আটা মৰাৰ গৰে মাৰি লৈ সৰু বল কৰক। টোষ্ট বিস্কুটৰ গুড়িত লেটিয়াই লৈ গৰম ৰিফাইন তেলত ৰঙা হোৱাকৈ ভাজক। এতিয়া প্লেট এখনত দি চচ্ আৰু চালাদৰ সৈতে পকিৰেশন কৰক।

Saturday, 29 April 2023

আফুৰে মাছ (ৰোমান্টিক ডিনাৰ)

 উপকৰণ :
1. ডাঙৰ ডাঙৰকৈ কাটি সিজোবা পিয়াজ পাঁচটা
2. চাৰিপিচ সিজোৱা ৰৌ মাছ
3. ৰিফাইন তেল
4. দুচামোচ আফু
5. দহটা কাজু
6. নিমখ
7. গাখীৰ 
8. কিচমিচ 

প্ৰণালী :  এটা কেৰাহীত চাৰি চামোচ ৰিফাইন তেল গৰম কৰক। সিজোৱা পিঁয়াজ তিনিটা বতি ভালদৰে ভাজক। ৰঙচুৱা হ'লে অঁফু আৰু কাজু বতা দি আৰু অলপ পৰ ভালদৰে ভাজক। ভজা হ'লে গাখীৰ আৰু পানী দি উতলিবলৈ দিয়ক। উতলিলে মাছ দিয়ক। পানী শুকালে সিজোৱা পিঁয়াজৰ টুকুৰা দি নমাই ওপৰত কিচমিচ সজাই পৰিবেশন কৰক।