উপকৰণ :
1. চাৰি ডোখৰ মাঠ
2. তিনিটা আলূ
3. পিঁয়াজ দূটা
4. আদা
5. নহৰু
6. মিট মচলা
7. নিমখ
8. ব্ৰেড তিনিখন
9. কৰ্ণফ্লাৱাৰ
10. টোষ্ট বিস্কুট
11. ৰিফাইন তেল
12. চালাডৰ সামগ্ৰী
13. জলকীয়া দুটা
প্ৰণালী : মাছ আৰু আলু সিজাই লওক। কাঁইট থাকিলে উলিয়াই ল'ব। এতিয়া পিয়াঁজ সৰু সৰুকৈ কাটি আলু আৰু মাছৰ লগতে সিজিবলৈ দি দিয়ক। তাৰ পাচত বাকী সকনো উপকৰণৰ স'তে মাছ আৰু আটা মৰাৰ গৰে মাৰি লৈ সৰু বল কৰক। টোষ্ট বিস্কুটৰ গুড়িত লেটিয়াই লৈ গৰম ৰিফাইন তেলত ৰঙা হোৱাকৈ ভাজক। এতিয়া প্লেট এখনত দি চচ্ আৰু চালাদৰ সৈতে পকিৰেশন কৰক।
No comments:
Post a Comment