Popular Posts

Sunday, 30 April 2023

ফিছ বল (ৰোমান্টিক ডিনাৰ)

 উপকৰণ : 
1. চাৰি ডোখৰ মাঠ
2. তিনিটা আলূ
3. পিঁয়াজ দূটা
4. আদা
5. নহৰু 
6. মিট মচলা
7. নিমখ
8. ব্ৰেড তিনিখন
9. কৰ্ণফ্লাৱাৰ 
10. টোষ্ট বিস্কুট
11. ৰিফাইন তেল
12. চালাডৰ সামগ্ৰী 
13. জলকীয়া দুটা

প্ৰণালী :   মাছ আৰু আলু সিজাই লওক। কাঁইট থাকিলে উলিয়াই ল'ব। এতিয়া পিয়াঁজ সৰু সৰুকৈ কাটি আলু আৰু মাছৰ লগতে সিজিবলৈ দি দিয়ক। তাৰ পাচত বাকী সকনো উপকৰণৰ স'তে মাছ আৰু আটা মৰাৰ গৰে মাৰি লৈ সৰু বল কৰক। টোষ্ট বিস্কুটৰ গুড়িত লেটিয়াই লৈ গৰম ৰিফাইন তেলত ৰঙা হোৱাকৈ ভাজক। এতিয়া প্লেট এখনত দি চচ্ আৰু চালাদৰ সৈতে পকিৰেশন কৰক।

Saturday, 29 April 2023

আফুৰে মাছ (ৰোমান্টিক ডিনাৰ)

 উপকৰণ :
1. ডাঙৰ ডাঙৰকৈ কাটি সিজোবা পিয়াজ পাঁচটা
2. চাৰিপিচ সিজোৱা ৰৌ মাছ
3. ৰিফাইন তেল
4. দুচামোচ আফু
5. দহটা কাজু
6. নিমখ
7. গাখীৰ 
8. কিচমিচ 

প্ৰণালী :  এটা কেৰাহীত চাৰি চামোচ ৰিফাইন তেল গৰম কৰক। সিজোৱা পিঁয়াজ তিনিটা বতি ভালদৰে ভাজক। ৰঙচুৱা হ'লে অঁফু আৰু কাজু বতা দি আৰু অলপ পৰ ভালদৰে ভাজক। ভজা হ'লে গাখীৰ আৰু পানী দি উতলিবলৈ দিয়ক। উতলিলে মাছ দিয়ক। পানী শুকালে সিজোৱা পিঁয়াজৰ টুকুৰা দি নমাই ওপৰত কিচমিচ সজাই পৰিবেশন কৰক।

Wednesday, 26 April 2023

জিৰা ৰাইচ (ৰোমান্টিক ডিনাৰ)

 


উপকৰণ :
1. 2 কাপ ডহা চাউল
2. এটা ডাঙৰ পিয়াজ
3. 3 চামোচ গোটা জিৰা
4. ৰিফাইন তেল
5. কেঁচা ধনীয়াৰ পাত

প্ৰণালী :  ৰিফাইন তেলত জিৰাখিনি ফোৰণ দিয়ক। পিয়াজখিনি মিহিকৈ কাটি ৰঙচুৱাকৈ ভাজি ধুই থোৱা চাউল দিয়ক। ভজা হ'লে এচিকুট চেনি আৰু নিনখ দি পানী দিয়ক। কুকাৰত এটা হুইচেল পৰিলেই নমাই দিয়ক। ভাপ গ'লে খুলি প্লেটত সজাই ওপৰত ধনীয়া কাটি দি পৰিবেশন কৰক।

Monday, 24 April 2023

টমেট' চুপ (ৰোমান্টিক ডিনাৰ)

 


উপকৰণ : 
1. এফাল গাজৰ
2.  এফাল বিট
3.  এফাল বন্ধাকবি 
4.  মটৰ
5 বিলাহী এটা
6. টমেট' চচ্
7. আজিনামোটো
8.  জালুকৰ গুড়ি
9. ক্ৰীম
10. এখন ব্ৰেড
11. ৰিফাইন তেল

প্ৰনালী : প্ৰথমতে ভেজিটেব ষ্টকৰ বাবে গাজৰ, বিট, বন্ধাকবি আৰু মটৰ সিজাই লৈ ৰসখিনি চেকি উলিয়াই দে লওক। এতিয়া ষ্টকখিনি উতলিবলৈ দিয়ক। উতলিলে ছাল উঠোৱা বিলাহী সৰু সৰুকৈ কাটি তাত দিয়ক। তাৰ পিচত দুচামোচ টমেট' চচ্ মিহলাই তাত নিমখ (সোৱাদ অনুসৰি), সামান্য আজিনামোটো, জালুকৰ গুড়ি আৰু ক্ৰীম দি লৰাই দিয়ক।  এখন ব্ৰেড দীঘলে তিনি পিচ কৰি ৰিফাইন তেলত ৰঙচুৱাকৈ ভাজক। তাৰে এটুকুৰা পৰিৱেশন কৰাৰ সময়ত টমেট' চুপত দি দিয়ক আৰু বাকী দুটুকুৰা প্লেটত দিয়ক। চুপৰ বাতিত পদিনাৰ পাত সজাই দিয়ক।