উপকৰণ :
1. 2 কাপ ডহা চাউল
2. এটা ডাঙৰ পিয়াজ
3. 3 চামোচ গোটা জিৰা
4. ৰিফাইন তেল
5. কেঁচা ধনীয়াৰ পাত
প্ৰণালী : ৰিফাইন তেলত জিৰাখিনি ফোৰণ দিয়ক। পিয়াজখিনি মিহিকৈ কাটি ৰঙচুৱাকৈ ভাজি ধুই থোৱা চাউল দিয়ক। ভজা হ'লে এচিকুট চেনি আৰু নিনখ দি পানী দিয়ক। কুকাৰত এটা হুইচেল পৰিলেই নমাই দিয়ক। ভাপ গ'লে খুলি প্লেটত সজাই ওপৰত ধনীয়া কাটি দি পৰিবেশন কৰক।

No comments:
Post a Comment