উপকৰণ :
1. এফাল গাজৰ
2. এফাল বিট
3. এফাল বন্ধাকবি
4. মটৰ
5 বিলাহী এটা
6. টমেট' চচ্
7. আজিনামোটো
8. জালুকৰ গুড়ি
9. ক্ৰীম
10. এখন ব্ৰেড
11. ৰিফাইন তেল
প্ৰনালী : প্ৰথমতে ভেজিটেব ষ্টকৰ বাবে গাজৰ, বিট, বন্ধাকবি আৰু মটৰ সিজাই লৈ ৰসখিনি চেকি উলিয়াই দে লওক। এতিয়া ষ্টকখিনি উতলিবলৈ দিয়ক। উতলিলে ছাল উঠোৱা বিলাহী সৰু সৰুকৈ কাটি তাত দিয়ক। তাৰ পিচত দুচামোচ টমেট' চচ্ মিহলাই তাত নিমখ (সোৱাদ অনুসৰি), সামান্য আজিনামোটো, জালুকৰ গুড়ি আৰু ক্ৰীম দি লৰাই দিয়ক। এখন ব্ৰেড দীঘলে তিনি পিচ কৰি ৰিফাইন তেলত ৰঙচুৱাকৈ ভাজক। তাৰে এটুকুৰা পৰিৱেশন কৰাৰ সময়ত টমেট' চুপত দি দিয়ক আৰু বাকী দুটুকুৰা প্লেটত দিয়ক। চুপৰ বাতিত পদিনাৰ পাত সজাই দিয়ক।

No comments:
Post a Comment